আজি বহাগ বিহুৰ উৰুকা। বহাগ বিহু কলেই প্ৰতি গৰাকী অসমীয়াৰ গা হয় সাতখন-আঠখন। প্ৰতি গৰাকী অসমীয়াৰ ঘৰে ঘৰে আজি ৰঙালীক আদৰাৰ যেন ব্যাপক প্ৰস্তুতি। কোনোবাই হয়তো পিঠা-পনা, লাডু আদি বনোৱাত ব্যস্ত। কোনোবাই হয়তো দুহাতত জেতুকা বুলাইছে আন কোনোবাই হয়তো কাইলৈ গৰু গা ধুৱাবৰ বাবে দিখলতি-মাখিলতি পাতৰ যোগাৰ কৰিছে। শিপিনী সকল আকৌ ব্যস্ত তাতৰ শালত বহি চেনেহৰ বিহুৱাান খন কাটি উলিয়াইছে।



ৰঙালী বিহু তথা বহাগ বিহু অসমীয়া সকলৰ আবেগ অনুভূতিৰ লগত জড়িত। এই বহাগ বিহুৰ পিছৰ পৰাই আৰম্ভ হয় গ্ৰাম্য অঞ্চল সমূহত পথাৰত কৃষক সকলে মাতি চহোৱা পৰ্ব।



অসমীয়াৰ মান-অভিমান এই ৰঙালী বিহু বিশ্বৰ ইতিহাসতো এক সুকীয়া স্থান আছে। অসমৰ পটভূমিৰ কথা হয়তো পুনৰ বাৰ কোৱাৰ প্ৰয়োজন নাই। প্ৰতি গৰাকী অসমীয়াৰ তেজে তেজে বৈ আছে এই ৰঙালীৰ ৰং।


বিশ্ব বাসীয়ে যেন পুনৰ আগৰ সেই শান্তিময় আৰু সুখময় পৰিবেশটো ঘূৰাই পাই তাৰে কামনাৰে প্ৰতিজন অসমীয়ালৈ আমাৰ এই পাৰিজাতৰ পৰিয়ালৰ তৰফৰ পৰাও জনালোঁ অলেখ শুভকামনা।