দুহাতত জেতুকাৰ বোল...
খোপাত কপৌফুল...
যোৱা বাৰ বিহু তলিত...
মিচিকিয়াই হাঁহি মাৰি...
লগাই দিছিলা মোক গণ্ডগোল....

কি হ'ব এই বাৰ অসমীয়াৰ বাপোতি সাহোন ৰঙালী বিহুৰ। কুলি-কেতেকীয়ে আজিও দেখোন গছৰ লঠঙা ডালবোৰত পৰি মিঠা মিঠা মাতেৰে ৰঙালীক আদৰাৰ প্ৰস্তুতি চলাই আছে। প্ৰকৃতিয়েও দিছে বিহুৰ বতৰা। কিন্তু মানুহ বোৰৰ মাজত দেখোন এই বাৰ হেপাহৰ ৰঙালী বিহুক আদৰাৰ অকমাণো যো-যা দেখিবলৈ পোৱা নাই। ডেকা-গাভৰুৰ মনবোৰ যেন এইবাৰ সেমেকি পৰিছে। কেও ফালে শুনিবলৈ পোৱা নাই এইবাৰ ঢোল, পেপা, গগণাৰ শব্দ। চাৰিওঁফালে নিমাওঁ মাওঁ পৰিবেশ। কেনেকৈ থাকিব এইবাৰ নাচনী সকলে ঢোলৰ চেওত এপাক ননচাকে। গৰু বিহুৰ গধূলী গাঁৱৰ বয়োজ্যেষ্ঠ সকলে কেনেকৈ থাকিব এপাক হুচৰি নমৰাকে। থাকিব পাৰিবনে বাৰু এইবাৰ কণ কণ মইনা হতে ঘৰে ঘৰে গৈ গৃহস্থৰ চোতালত হুচৰি নমৰাকে। গৰু বিহু দিনা গৰুক গা ধুৱাই কোনে ক'ব বাৰু লাও খা বেঙেনা খা বছৰি বছৰি বাঢ়ি যা। 

 

এই বাৰ যেন গছৰ কপৌফুল গছতেই মৰহিব, শিপিনী সকলে প্ৰিয় জনলৈ বুলি হেপাহেৰে বোৱা গুটি ফুলৰ বিহুৱান খনো শালতে থাকিব। মায়ে বনোৱা পিঠা-পনা, লাডু সেইবোৰৰ সোৱাদ এইবাৰ নাপামেই চা গে। ইয়াতকৈ আৰু দুখৰ কথা অসমীয়া মানুহৰ বাবে একোৱেই হ'ব নোৱাৰে। কুলি জনিয়েও অতি দুখ মনেৰে বিদায় মাগিব। পৃথিৱী খন যেন পুনৰ আগৰ দৰেই সুন্দৰ আৰু সুখময় হৈ পৰক তাৰে কামনাৰে ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ।